DRAMA
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
গদাধৰ ৰজা
হ য ব ৰ ল
গদাধৰ ৰজা
: চ'ৰাঘৰীয়া ভাৱনা : (A Drawingroom Play)
|| ভাৱৰীয়া-ভাৱৰীয়ানী ৷৷

শ্ৰীমতী কমলা : বয়স ১৮ বছৰ (শিমলুগুৰীয়া বৰুৱাৰ জীয়েক)
শ্ৰীমতী বিমলা : বয়স ১৬ বছৰ (ঐ)
শ্ৰী গেন্ধেলা দাস : এটা গাঁৱলীয়া মানুহ
শ্ৰী মঙলা : শিমলুগুৰীয়া বৰুৱাৰ ঘৰৰ লগুৱা

৷৷ দৃশ্য ৷৷

শিমলুগুৰীয়া বৰুৱাৰ ঘৰৰ এখোঁটালি৷ তাঁতশাল৷ কমলাই তাঁতশালত বহি মুগাৰ ৰিহা এখন বৈছে৷ বিমলাই ওচৰতে বহি উঘা-চেৰেকী লৈ সূতা উঘাবলৈ কাৰবাৰ কৰিছে, কিন্তু উঘাব পৰা নাই, উচ্‌পিচ্ উচ্‌পাচ্ কৰিব লাগিছে৷

৷৷ সময় ৷৷

অসমৰ ৰাজপাটত ল'ৰা ৰজা৷ গদাপাণি পলোৱাৰ পিছত৷

৷৷ সাজপাৰ ৷৷

কমলা আৰু বিমলাৰ গাত পাটৰ ৰিহা-মেখেলা, মূৰত নেঘেৰি খোপা, কপালত চন্দনৰ ৰেঘা আৰু সোণপৰুৱাৰ ফোট৷
গেন্ধেলাৰ আঁঠুমুৰীয়া চুৰিয়া৷ গাত হাত-কটা বুকুচোলা, ককালত তামোলৰ হাঁচটি, কাণত জাংফাইৰ কেৰু, ডাঢ়ি খুৰুৱা, মুখত গোঁফ আৰু এমোকোৰা তামোল, ওঁঠত বৈ যোৱা তামোলৰ ৰং, হাতত ভলুকা বাঁহৰ লাখুটি, মূৰত উধনীয়া খোপা আৰু পাহকটা চুলি৷ কমলা : বিমলা, তই দেখোন উঘাটো লৈ কিবা উচ্‌পিচাব লাগিছ৷ সূতা নুঘাৱ কিয়? তোৰ হৈছে কি?
বিমলা : হৈছে অনেক৷ বোলোঁ- তিৰুতা হৈ জনম ধৰাৰ কোনো –কোনো সকাম নাই৷ কি পাপৰ ফলত জানো গোসাঁয়ে আমাক তিৰুতাকৈ চৰ্জিলে কব নোৱাৰোঁ৷
কমলা : (মিচিকিয়াই হাঁহি) এইজনী এটা বহুৱা৷ বোলোঁ তিৰোতা নোহোৱাহেঁতেন তই নো কি হাতী-ঘোঁৰা মাৰিলিহেঁতেন- কচোন৷
বিমলা : মাৰিলোঁহেঁতেন৷ বোলোঁ হাতী-ঘোঁৰাতকৈও ডাঙৰ মাৰিলোঁহেঁতেন৷ প্ৰথমতে সেই পাপিষ্ঠ ল'ৰা ৰজাৰ মূৰটো কাটি আনি হেঙাল কুকুৰক দিলোঁহেঁতেন আৰু তাৰ ছালেৰে ঢাকুমকুমা বালোঁহেঁতেন৷ তাৰ পিছতহে মোৰ আন কথা৷
কমলা : আহা৷ কি আমাৰ বীৰাঙ্গনাজনী৷ বোলোঁ সূতা উঘা, সূতা উঘা৷ মুখৰ মহলা মাৰি নেথাকিবি৷
বিমলা : মুখৰ মহলা নহয় বাইদেও৷ সঁচাকৈ কৈছোঁ- মোৰ কথাৰ প্ৰমাণ অতি সোনকালে পাবা৷
কমলা : দেখ বিমলী৷ তই যিহকে-পায়-তিহকে এনেদৰে বলকি নাথাকিবি৷ দেউতাই গদাধৰ ৰজাৰ ফলীয়া হৈ লুকাই ঘূৰি ঘূৰি ফুৰি যি লাগে কৰিবলৈ গৈছে৷ দেউতাৰ গতি-গোত্ৰ দেখি আমাৰ ঘৰক একেই বুঢ়াগোহাঁয়ে চোভা কৰি আছে, চেলু পালেই আমাক সকলোটিকে তেওঁ সামৰি ধৰি পেলাব৷ তই আকৌ কটা ঘাত চেঙাতেল নিদিবি আইহে৷ তই তিৰুতা মানুহ, তিৰুতাৰ দৰে থাক৷
বিমলা : সেইদেখিয়েইতো কৈছোঁ- কোন গোসাঁইৰ শাওপাতত যে মই তিৰুতা হৈ জন্ম ধৰিলোঁ কব নোৱাৰোঁ৷ তুমি কিন্তু নিচয়কৈ জানিবা বাইদেও৷ মই আকৌ মেখেলা পিন্ধি ঘৰৰ চুকত সোমাই বহি নাথাকোঁ৷ সতী জয়মতীৰ শাস্তিৰ শোধ তুলিম – মৰো জীওঁ-সো-আধি৷
কমলা : কেনেকৈ তুলিবি, শুনোচোন৷
বিমলা : মতাৰ সাজ পিন্ধি, ধনু-কাঁৰ হাতত লৈ৷ মই গদাধৰ ৰজাৰ লগ লাগি, পাপিষ্ঠ ল'ৰা ৰজাক মাৰি, ৰজাৰ যুইগ গদাধৰক ৰাজপাটত বহুৱাই দেশৰ হিত সাধিম৷
কমলা : আহা৷ আমাৰ কি দেশ-উদ্ধাৰকজনী, চাওঁ মুখখন !
বিমলা : আজিয়েই চাই লোৱাঁ৷ কাইলৈ কিজানি চাবলৈ নোপোৱায়েই৷
কমলা : দেখ বিমলী৷ তই মূৰে-ভৰি-কঢ়া ছোৱালী বুলি মই জানো৷ বোলোঁ দেউতা ঘৰত নাই৷ তই কিবা কাণ্ডফাণ্ড নকৰিবি মোৰ আইহে৷ মই কাবৌকৈ মাতিছোঁ৷
বিমলা : কাণ্ডফাণ্ড একো নাই, মই গদাধৰ ৰজাৰ ফলীয়া হৈ দেখাশুনাকৈ লাগিমেই লাগিম৷ মোৰ পৰা তেওঁৰ যি উপকাৰ হ'ব পাৰে তাক মই কৰিমেই৷ দেউতাৰ বাটেই মোৰ বাট৷
কমলা : শুন বিমলী৷ দেউতাই যাবৰ সময়ত কৈ গৈছিল, গদাধৰ ৰজাই ভেশছন কৰি এই ফালেই কাষৰেপাঁজৰে ঘূৰি ফুৰিছে হেনো৷ এদিন হঠাত তেওঁ আমাৰ ঘৰতে ওলাবৰ খুব সম্ভৱ৷ ওলালে, আমি তেওঁক ভাললৈ আলহি-শুধিব লাগিব৷ এতেকে তই উধাতু খাই খপ্‌কৰে কোনো এটা কাম কৰিবলৈ নেযাবি৷ কৰ পৰানী কলৈ যায় চাচোন৷

[ মঙলাৰ প্ৰবেশ ]

মঙলা : আইচুদেউতা৷ কৰবাৰ পৰা গাঁৱলীয়া মানুহ এটা আহিছে৷ সি আপোনালোকেৰে সৈতে দেখা কৰিব খুজিছে৷ সি কিবা হেনো চিঠি এখন আনিছে৷
বিমলা : (লাহে লাহে) বাইদেও৷ সাৱধান হোৱা৷ ঠিক গদাধৰ ৰজাই ভেশছন কৰি আহিছে৷ আমি তেওঁক আজি আমাৰ সাধ্যমতে ভালকৈ আলহি শুধিব লাগিব৷ আমি তেওঁক অতি সাৱধানে ৰাখিব লাগিব, যাতে কোনো ত্ৰুটী নহয় আৰু আন কোনেও ফুটকে নাপায়৷
কমলা : হেৰ মঙলা৷ মানুহটো দেখিবলৈ কেনে? কোন সেইটো?
মঙলা : কোন সেইটো কেনেকৈ ক'ম? অ' সেইটোক দেখিবলৈ কেনে সুধিছে- সেই ফেঁচামুৱাটোৰ কথা? উধনীয়া চূলি আৰু আঁঠুমুৰীয়া চুৰিয়াৰে সেই হজুৱাটোৰ ৰূপৰ কথা সুধিছে? আইচুদেউতা৷ আপুনিও ভাল যাওক৷ একোছা গোফেৰে সৈতে, সিদিনা আমাৰ চৰু-ছোৱা শিয়ালটো যেনে দেখিছিল, সেইটোও তেনে৷
বিমলা : (কমলাৰ কাণে কাণে) ঠিক বাইদেও ! ঠিক, গদাধৰ ৰজায়েই ভেশছন কৰি আহিছে৷ আমাৰ আজি মহাভাগ্য বুলিব লাগে৷ আৰু পলম কৰিবৰ সকাম নাই৷ বাইদেও৷ তেওঁক ভিতৰলৈ অনা যাওক৷
কমলা : মঙলা যা, মানুহজনক ইয়ালৈকে লৈ আহগৈ৷

[মঙলাৰ প্ৰস্থান]

মোৰ মনে ধৰিছে বিমলা৷ সেইজন গদাধৰ ৰজাইহে৷ যা, ৰজাক বহিবলৈ বৰপীৰা এখন আনি দে৷ বেচেৰা কত পৰ্ব্বতে-পাষণ্ডে অনাইবনাই ফুৰি লঘোনে-ভোকে আইছে চাগৈ৷ ৰজাই খাবলৈ ভালকৈ জলপান এটাৰও দিহা কৰ৷
[গেন্ধেলা আৰু মঙলাৰ প্ৰৱেশ৷ কমলা আৰু বিমলাই সসম্ভ্ৰমে উঠি বৰপীৰা এখন পাৰি দিয়ে৷ গেন্ধেলাই পীৰাত বহিবলৈ ইতস্ততঃ কৰে]
বিমলা : মঙলা৷ তই ইয়াৰ পৰা যা৷

[মঙলাৰ প্ৰস্থান]

স্বৰ্গদেও! আপুনি এই বৰপীৰাতে ভালকৈ বহক৷ আমি শিশুমতি তিৰুতা৷ আমাৰ দায়-দোষ নধৰিব৷
গেন্ধেলা : (হাতযোৰকৈ)৷ আইচুদেউতাহঁত৷ মই হজুৱা কাঁৰী৷ আপোনাসকলৰ আগত মই বৰ পীৰাত বহিব নাপাওঁ৷ মোৰ ক্ষমা কৰক ঈষপৰ৷ মই এই মাটিতে বহোঁ৷

[গেন্ধেলা মাটিত বহে]

বিমলা : সৰ্ব্বনাশ, সৰ্ব্বনাশ৷ কি কৰে স্বৰ্গদেও? আপোনাক আমি চিনি পাইছোঁ৷ দেউতাই আমাক আপোনাৰ কথা ভালকৈ কৈ গৈছে৷ আমি আপোনাৰ দাসী৷ আমাৰ ওচৰত আপুনি কোনো সংশয় নকৰিব৷ আমাৰ টেটু আপোনাৰ নিমিত্তে সদায় আছে৷ ককাইদেউ ফুৰিবলৈ ওলাই গৈছে, এতিয়াই উভতি আহিব৷ আমি ঘৰেঘৰোৱাহ স্বৰ্গদেৱৰ দাস বুলি জানিব৷
গেন্ধেলা : (স্বগত)৷ এইখন কি? মই ক'ত পৰিলোঁহি? ইহঁতে এইখন কি কৰিব লাগিছে? এইটো শিমলুগুৰীয়া বৰুৱাৰ ঘৰ নহয়নে? মই কাৰ ঘৰত সোমালোঁহি? মোক খেতৰনীয়ে পালে নেকি? (ফুটাই) আইচুদেউতাহঁত! এইটো শিমলুগুৰীয়া বৰুৱাৰ ঘৰ নহয়নে?
বিমলা : হয় সৰ্গদেও৷
গেন্ধেলা : তেন্তে তোমালোকে মোক এইখন কি ভেলেকীবাণ মাৰিব খুজিছাহঁক? মোক কি সৰ্গদেও পাতি পেংলাই কৰিছাহঁক? মউ দুখীৰাম মেধিৰ পুতেক গেন্ধেলা বায়ন৷ সৰ্গদেও-ফৰ্গদেও একো নহয়৷
কমলা : (হাতযোৰকৈ)৷ সৰ্গদেও৷ আপুনি আমাৰ ওপৰত সন্দেহ নকৰিব৷ আমি দুইজনী শিমলুগুৰীয়া বৰুৱাৰে জীয়েক৷ আমাৰ ককাইদেউ এতিয়াই পাবহি৷ হওঁতে সৰ্গদেওৰ ওপৰত শত্ৰুৰ যেনে চকু, সৰ্গদেৱে এইদৰে ভেশছন কৰাটো খুব ভালেই হৈছে৷ সৰ্গদেৱে কৃপা কৰি আমাক আমাৰ দেউতাৰ বাতৰি কওকচোন৷
গেন্ধেলা : শিমলুগুৰীয়া বৰুৱা দেউতাৰ বাতৰি মই ইয়াকে মাথোন জানো- তেখেতে কালি মোক বাটতে পাই, আপোনালোকক দিবলৈ এই চিঠিখন মোৰ হাতত দিছিল৷
[গেন্ধেলাই চুৰিয়াৰ খোচোনাত চিঠি বিচাৰে কিন্তু বিচাৰি নাপাই হাইহাওকৈ কান্দে৷]
বিমলা : সৰ্গদেও৷ মনে মনে থাকক৷ মনে মনে থাকক৷ চিঠি হেৰাল, হেৰাওক৷ আপুনি অসুখ অশাঁতি নকৰিব৷ আপুনিতো দেউতাক ভালে থকা দেখি আহিছে?
গেন্ধেলা : দেখি নাহিছোঁনো কি? ভাল নাথাকিলে তেখেতে মোক চিঠি দিবলৈ পালেহেঁতেন কেনেকৈ? (ফেকুৰি ফেকুৰি আপোনাআপোনি) খেতৰণীহঁতে বাণ মাৰি হাতৰ পৰা চিঠিখনো কেনেবাকৈ কাঢ়ি নিলে দেখিছোঁ৷ আইচুদেউতাহঁত৷ তোমালোকে যেয়ে হোৱাহঁক, মই থিৰাংকৈ কৈছোঁ, মই ৰজা-পৰ্জা একো নহওঁ৷ মই দুখীয়া হোজা মানুহ৷ মোক তোমালোকে পেংলাই নকৰিবাহঁক৷ (কপালত হাত দি) উস্ মোৰ মূৰ কামোৰণিয়ে ধৰিছে৷

কমলা : বিমলী৷ তই যা৷ লৰালৰিকৈ সৰ্গদেওলৈ জলপান এট যতনাই লৈ আহগৈ৷ হাবিয়ে-বননিয়ে ফুৰি দেহি সৰ্গদেও লালকাল হৈ পৰিছে৷ আগেয়ে বিচনীখন মোক আনি দে৷ মই সৰ্গদেওক অলপ বিচোঁ৷
[বিমলাই লৰি গৈ বিচনী আনি কমলাক দি জলপান আনিবলৈ যায়৷ কমলাই গেন্ধেলাৰ মূৰত বিচনীৰ বা দিয়ে৷ অলপ পিছত বিমলাই গুৰ, পিঠাগুৰি আৰু পগোৱা গাখীৰেৰে জলপান এবাটি গেন্ধেলাৰ আগত দিয়েহি৷]
বিমলা : (হাতযোৰকৈ) সৰ্গদেও৷ আপুনি মাটিৰ পৰা উঠক৷ বৰপীৰাত বহি জলপানটো খাই অলপ সুস্থ হওক৷
গেন্ধেলা : (স্বগত) ভোকতো লাগিছেই৷ তেহেলৈ যি হয় হওক, জলপানটোকে খাই লওঁ৷ খেতৰণীহঁতৰ আঁনবোৰ ধেমালিতকৈ এইটোৱেই ভাল হৈছে দেখিছো৷
[গেন্ধেলাই পিঠাগুৰি বাটি লৈ সানি সালৌপ সালৌপ কৰে খায় আৰু জুলীয়া পিঠাগুৰি গোঁফত লাগি গোঁফকোছা বগা হয়৷]
বিমলা : (কমলাৰ কাণে কাণে) চোৱাঁ, পিঠাগুৰি খাওঁতেও কেনেকৈ সৰ্গদেৱে হজুৱাই খোৱাদি খাইছে৷ বাস্তবিকতে এনে নিৰহনিপানীকৈ ভেশছন নকৰিলে চলিবই বা কেনেকৈ? চাৰিওফালে যি চোৰাংচোৱাৰ বিয়াদান৷
কমলা : বিমলী৷ তই এলোটা পানী আৰু চৰিয়াটো লৈ আহগৈ৷ সৰ্গদেৱে মুখখন ধুই অলপ জিৰাওক৷
গেন্ধেলা : মোক চৰিয়া নেলাগে মোৰ সোণামুৱা খেতৰণীহঁত৷ ক'ত পুখুৰী আছে মোক দেখুৱাই দিবলৈ কোৱাঁ৷ মই গৈ মুখখন ধুই আহোঁগৈ৷ "বোলে সাতপুৰুষত নহল গাই, কৰীয়া লৈ খীৰাবলৈ যায়৷" মোক চৰিয়া নেলাগে সোণাপাহীহঁত৷ এই তামোলৰ গামোচাৰেও আজিলৈ মুখখন মুচি থব পাৰোঁ৷

[গামোচাৰে হাত-মুখ মচে]

কমলা : বিমলী৷ তই যা৷ চৰিয়া এটা আৰু পানী এলোটা আনগৈ, সৰ্গদেৱে মুখ ধোৱক৷

[বিমলাৰ প্ৰস্থান]

গেন্ধেলা : দিব খুজিছা যদি তামোল-ছালি এখনকে দিযাঁহক তাৰেই মুহুদি কৰোঁ৷ হওঁতে মোৰ হাঁচটিতো তামোল-ছালি আছে৷
কমলা : হেৰ বিমলী৷ তামোলৰ বটাটোও লৈ আহিবি৷ মই সৰ্গদেওক তামোল ঠুৰিয়াই দিম এতিয়াই৷ সৰ্গদেৱে আমাক এধানমান ক্ষমা কৰক৷ সৰ্গদেৱে গীত শুনিবলৈ ভাল পায় যদি বেটীয়ে গীতকে এটা গাই শুনাব খোজোঁ৷
গেন্ধেলা : সৰ্গদেৱে শুনিবলৈ ভাল পাওক নেপাওক, এই ফাপৰে ধৰা শৰীলেৰে গেন্ধেলা গায়নে শুনিবলৈ নিচয় ভাল পায়৷ গাব খুজিছা যদি আমাৰ গুৰুজনে কৰা বৰগীত এটিকৈ গোৱাচোন৷ মোৰ গাৰ পৰা খেতৰ পলায় যদি পলাওক৷
কমলা : (গীত)
"মোৰো পিয়া বিন কৈসে ৰহঙ্গি সজনি,
বহুত দিন পৰ নাহি আওৱ মেৰো৷
নিশ দিন জাগত, নিদ নাহি আৱত,
পিয়াকো সন্দেশ কহি নাহি পাওৱে-মেৰো৷"
গেন্ধেলা : আইচুদেউতাৰ মাতটি হব সুৰীয়া৷ নহবই বা কিয়? কিন্তু কিবা বঙলা গীত গালে হবলা? মই মহামূৰুখে বুজিবকে নোৱাৰিলোঁ৷ গীতটিত সান্দহৰ কথা কৈছে, নহয় নে আইচুদেউতা? বন্দীৰ পেটত পিঠাগুৰিসোপা পৰিছেহে মাথোন, তাৰ ওপৰত সান্দহ এবাটি পৰিব লাগিলে ক'ত চম্ভালিব পাৰিম হবলা মোৰ ঈষ্পৰ? এই (নিজৰ গালৈ আঙুলিয়াই) ছালছিগাৰো যে দুই-চাইটা বৰগীতৰ ওৱাকিপ নাই এনে নহয়৷ এই নিছলাকো গাঁৱৰ দহ-চাৰিয়ে গেন্ধেলা গায়ন বুলি বৰসবাহত বৰমলা বৰচৰুটো আগবঢ়ায়, মোৰ আইচুদেউতা৷

[গেন্ধেলাই ৰাগ দি গীত ধৰে৷]

"ৰামক গোসাঁই কৰোঁহো গোহাৰি৷
বহু হৃদি-পঙ্কজ ঠাম হামাৰি৷"

[বাহিৰত হাইউৰুমি]

কমলা : সৰ্ব্বনাশ৷ সৰ্ব্বনাশ৷ বোধকৰোঁ সৰ্গদেও ইয়ালৈ অহাৰ গম ল'ৰা ৰজাৰ মানুহে কেনেবাকৈ পাই, সেযা ধৰিবলৈ আহিছে৷

[বিমলাৰ উধাতু খাই প্ৰবেশ৷]

বিমলা : কি হ'ব বাইদেও! আমি কি কৰিম? কলৈ যাম এতিয়া? সৰ্গদেওক কত লুকাম?
কমলা : সৰ্গদেও৷ উঠক, উঠক৷ সোনকালে উঠক৷ মোৰ এই তাঁতৰ পাটৰ তলতে লুকাওক৷
গেন্ধেলা : আইচুদেউতাহঁতেনো ইমানখন খদমদম্ লগাইছে কেহেলৈ? ইমানকৈ ভয়তে বা কঁপিছে কিয়? ৰজাৰ টেকেলা আহিল যদি আহিল৷ মোকনো টেকেলাই কিটো কৰিব? মই কাৰো একো জগৰ লগোৱা নাই৷ আমুকাই গুৰুজনে ৰচা গীত-পদ এফাকি মাতিছিলোঁ, তাতনো কাৰ কি জগৰ লাগিল? বোলোঁ মই নোৱাৰোঁ তাঁতৰ পাটৰ তলত সোমাব৷ তাত দেখৰ মানে টোকাপৰুৱাখনৰ কামোৰ খাই মই মৰিব নোৱাৰোঁ৷ তেহেলৈ তোমালোকে ভালকে পোৱাহঁক বা বেয়াকে পোৱাহঁক৷
বিমলা : সৰ্গদেও৷ আপোনাৰ বৰ সাহ আছে বুলি আমি জানোহক৷ তথাপি আমি অবলা বাই-ভনী দুইজনীয়ে হাতযোৰকৈ মাতিছোঁ – আপুনি এতিয়াই এই তাঁতৰ পাটৰ তলত সোমাই লুকাওঁক, লুকাওক, আক বেলি নকৰিব৷
[বিমলাই গেন্ধেলাক হাতত ধৰি টানে]
গেন্ধেলা : এইখন কি উৎপাত একা৷ মোক আজি কিহে পালে? মই গৰুৱে কিয় যে লোকৰ চিঠি বৈ আনিবলৈ গৈছিলোঁ৷ হে মোৰ গোসাঁই৷ আজি মোক তুমি কি দুৰ্গতি কৰিলা৷
[অতি অনিচ্ছাপূৰ্ব্বক গেন্ধেলা তাঁতৰ পাটৰ তলত সোমাই লুকাই৷]
কমলা : যা বিমলী৷ যা, লৰি যা৷ মোৰ এৰিয়াৰ বৰকাপোৰখন আনগৈ৷ সেইখনকে তাঁতৰ পাটৰ ওপৰত দি লৰালৰিকৈ সৰ্গদেওক ঢাকি থওঁ৷
[বিমলাই লৰি এৰিয়াৰ বৰকাপোৰ আনে৷ কমলাই তাৰে গেন্ধেলাক ঢাকে৷] গেন্ধেলা : (তাঁতৰ পাটৰ তলৰ পৰা)৷ আইচুদেউতাহঁত৷ মই গাপ লাগি মৰিম এতিয়া৷ মোক এইদৰে গাপ দি নামাৰিবাহঁক৷ বোলোঁ দহোকুৰি- তোমালোকক মোৰ বধে ছুব৷ হেৰ ৰাইজসকল৷ কোন ক'ত আছহঁক আহহঁক ঔ৷ মোক আজি এই খেতৰণীহঁতে গাপ দি মাৰিব এতিয়া৷
বিমলা : সৰ্গদেও৷ মনে মনে থাকক৷ মনে মনে থাকক৷ আমাৰ মূৰকে খায়- আমি চুলি ছিঙি কাতৰকৈ মাতিছোঁহঁক৷

[মঙলাৰ লৰি প্ৰৱেশ৷]

হেৰ মঙলা৷ বাহিৰত কিমান মানুহ? কিমান ৰণুৱাই আমাৰ ঘৰ বেৰা দি ধৰিছে?
মঙলা : কৰ ৰণুৱা? কাৰ ঘৰ বেৰা? আইচুদেউতাহঁতে হজুৱাটোক ঘৰৰ ভিতৰত সুমাই লৈ কিবা ধেমালিখন পাতি আছে৷ এইবোৰ কথা ভাল নহয় কিন্তু৷ ডেকা দেউতাই আহি এইবোৰ শুনিলে আমাক সকলোটিকে বেয়া বুলিব, মই হ'লে কৈছোঁ৷
কমলা : তেন্তে বাহিৰত সেয়া কিহৰ হাই?
মঙলা : তোলন শইকীয়াৰ ঘৰত দিনদুপৰতে এতিয়াই সেই ৰাতীয়া বোলা চোৰটো সোমাই, তোলনৰ পানীখোৱা লোটা এটা চুৰ কৰি লৈ লৰ ধৰিছিল৷ তাকে ধৰিবলৈ গাঁৱৰ মানুহে হাইহুইকৈ লৰিছিল৷ তাক ধৰিলে আৰু ধৰি কিলতে গুৰুলাগুৰুল কৰিব লাগিছে৷
গেন্ধেলা : (তাঁতৰ পাটৰ তলৰ পৰা মূৰ উলিয়াই)৷ আইচুদেউতাহঁত৷ মই গেলেপা লাগিলোঁ৷ আৰু ইয়াত সোমাই থাকিব নোৱাৰোঁ৷ তেহেলৈ তোমালোকে মোক মাৰাই বা কাটাই৷
[তাঁতৰ পাটৰ তলৰ পৰা ওলাই আহিব খোজে৷]
মঙলা : (গেন্ধেলাক)৷ হেৰ কটা৷ ওলাই আহ৷ আইচুদেউতাহঁত৷ কিয় আপোনালোকে সেই হজুৱাটোক এইদৰে নগুৰ্নাগতি কৰিছে?
গেন্ধেলা : মইনো কি ক'ম, কি শুনিবা ককাই৷ নগুৰ্নাগতি বুলি নগুৰ্নাগতি? তেতিয়াৰে পৰা এওঁলোক দুয়োজনীয়ে গোট খাই মোক 'নকৰিবৰ চকৰি' কৰিব লাগিছে৷ মোক ৰজা পাতিছে, বৰপীৰাত বহুৱাইছে৷ অৱশ্যে জলপানটো হলে পেট ভৰাই খুৱালে৷ মিছা কথাষাৰ কম কিয়- বোলোঁ ককাই৷ এওঁলোকৰ ধেমালিৰ ভিতৰত সেইটোৱেইহে ভাল হৈছিল৷
মঙলা : (গেন্ধেলাৰ গোফকোছা পিঠাগুৰি লাগি বগা হৈ থকা দেখি হাঁহি)৷ সেইটো ধেমালিহে ভাল হৈছিল হয়, বোলোঁ তোৰ গোফকোছা পিঠাগুৰিত লেটিয়াই আৰু ভাল কৰি থৈছ বাঘে-খোৱা৷
গেন্ধেলা : আইচুদেউতাহঁত৷ সেই হেৰুৱা চিঠিখন (হাত মেলি বিমলাক দিয়ে) মোৰ চুৰিয়াৰ বাঁওটো খোচোনাত আছিল আৰু মই সোঁটো খোচোনাত বিচাৰি হাৰাশাস্তি হৈ মৰিছিলোঁ৷
[কমলা আৰু বিমলা দুয়ো ব্যস্তভাৱে চিঠিখন পঢ়ে৷]
"কল্যাণীয়াষু,
      মই আমাৰ ৰজা গদাধৰ সৰ্গদেওৰ লগত৷ দুদিন-এদিনৰ ভিতৰত আমি গুৱাহাটীৰ ফালে যামহঁক৷ তাত বৰফুকনৰ পৰা সহায় বিচৰা যাব৷ যদি পোৱা হয় তেন্তে অচৰিতে তোমালোকে আকৌ আমাক ইয়াত দেখিবলৈ পাবাহঁক৷ সকলো ঈশ্বৰৰ ওপৰত নিৰ্ভৰ৷ তোমালোক সাৱধানে থাকিবাহঁক৷ এই পত্ৰবাহকক এটা চৰতীয়া দি বিদায় দিবাহঁক৷
-ইতি
"তোমালোকৰ শুভাকাঙক্ষী দেউতাৰ
[চিঠি পঢ়ি কমলা আৰু বিমলা দুয়ো দুয়োৰে মুখলৈ চাই লাজত ৰঙা পৰে৷]

 

আঁৰকাপোৰ
(বাঁহী : ৯ম বছৰ, ৩য় ৪ৰ্থ সংখ্যা ১৮৪০ শক)