SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কৃপাবৰ বৰুৱাৰ নতুন টোপোলা

এংলোইণ্ডিয়ান

চৰ্কাৰী চাকৰি আৰু বেহা-বেপাৰ ইত্যাদিত লাগি কম-বেচি কিছুকাল ভাৰতবৰ্ষত বাস কৰোঁতা ইংৰাজবিলাককে এংলোইণ্ডিয়ান বোলে৷কোনে বোলে,কিয় বোলে নেজানো,কিন্তু বোলে৷বৰবৰুৱাই কিন্তু এওঁলোকক ভাৰত জম্বুদ্বীপত থকা ডাঙৰ জামুগছ জোপাৰ পকা জামু খাবলৈ গোট খোৱা আৰু জামু খোৱা হ’লে ভুৰুংকৰে উৰি যোৱা কিবা এজাতি বিলাতী চৰাই বোলে৷এওঁলোকৰ বিস্তৰ গুণ যিবোৰৰ নিমিত্তে এওঁলোক দুনীয়াত প্ৰখ্যাত৷এওঁলোকে লোকৰ জামু খাই জামু লৈ জামুগছৰ ডাল ভাঙি তহিলং কৰে আৰু নিজৰ ডাঙৰ ডাঙৰ এটোঁটোলাত এটোঁটোলাকৈ জামু ভৰাই লৈ নিজৰ দেশলৈ উৰি গুচি যায়৷এই বিদেশী বলী চৰাইবোৰৰ কল্-কলনি,পাখিৰ চট‌্ফটনি আৰু চোকা ঠোঁটৰ খুটনিৰ ভয়ত দেশী চৰাই চিৰিকতিবোৰ জামুৰ কাষ চাপিব নোৱাৰে৷কোনো কোনো দেশী চিৰিকতিয়ে এওঁলোকক কাবৌ-কোকালি কাকূতি মিনতি কৰি “আমি দুখীয়াকো এটি জামুগুটি দিয়ক”বুলি খুজি থাকিলে কেতিয়াবা তেওঁলোকে আমনি সঁহিব নোৱাৰি,কেৰোণে খোৱা মুজুৰা জামুগুটি এটা এডোখৰ “হোঁ ধৰ” বুলি তেওঁলোকৰ নিমিত্তে গছৰ তললৈ পেলাই দিয়ে৷বৰবৰুৱাৰ মতে এয়ে এংলোইণ্ডিয়ান পদৰ চমু ব্যাখ্যা৷নিভাজ বিলাতী ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিকে আদি কৰি ভঁজুৱা বৰুৱা “টমি এট্‌কিম” বোলা ৰণুৱা চিপাহীলৈকে সকলোবোৰ এই এংলোইণ্ডিয়ান চাইঢাপৰ ভিতৰত পৰে৷অৱশ্যে দুই ঢাপৰ দোমোজাত থকা অফলী পোহাৰী বা লইভা হৰিণীৰ গৰ্ভজাত মিষ্টৰ ডিক্সন আৰু ছেমুৱেলৰ কাচ্ছা-বাচ্ছাবোৰৰ ভিতৰৰ কোনো কোনো বগাছলীয়া য়ুৰেছিয়ান বা ফিৰিঙ্গীয়ে যে লুকাই-চুৰকৈ পাচদুৱাৰেদি এই এংলোইণ্ডিয়ানৰ টোলত সোমাবলৈ পুৰুষাৰ্থ নকৰে  আৰু দুই-চাইটা যে ধৰা নপৰাকৈ সোমাই ভাল টকাৰ ভিতৰত জাল টকা চলি যোৱাদি চলি নাযায়  এনে নহয়৷তথাপি আমি এই য়ুৰোপ ইণ্ডিয়ান অৰ্থাৎ য়ুৰেছিয়ান অৰ্থাৎ আধলিটিয়া বা দুলীয়া ভাইসকলৰ কথা এৰিও,নিভজুৱা বিলাতী ভাৰতবাসীসকলৰ কথা নিৰ্বিঘ্নে আজি চৰ্চা কৰিব পাৰো,পাৰোঁ বোলা গৈছে যেতিয়া কৰাই যাওক৷

        এংলোইণ্ডিয়ান গুৰিত অৰ্থাৎ ভাৰতবৰ্ষলৈ অহাৰ আগেয়ে বিলাতী ইংৰাজৰ সৈতে একে জোপা গছেৰে পান আন নহয়৷কিন্তু কালক্ৰমত দুয়ো দুটা সুকীয়া জাতি হৈ পৰিছে৷বিলাতী ইংৰাজ ভাৰতবাসী বা ভাৰতবিলাসী হ’লে তেওঁৰ স্বভাৱৰ পৰিৱৰ্ত্তন ঘটে আৰু তাৰ ফলস্বৰূপে তেওঁ এংলোইণ্ডিয়ান কুলগৈ নামে বা উঠে;যি বোলাঁ৷মহাভাৰতত হেনো ব্যাস বুঢ়াবাপুৱে লিখি থৈ গৈছে যে

“ন বিশেষ্যোন্তি বৰ্ণ নাং,সৰ্ব্বব্ৰহ্মমিদং জগৎ

ব্ৰহ্মণা পুৰ্ব্বস্বষ্টিংহি কৰ্ম্মণা বৰ্ণত্তং গতং৷”

বুঢ়া বাপুদেউৰ এই বাইকৰ প্ৰমাণ আজিকালি ইংৰাজৰ গাতো দেখিবলৈ পোৱা যায়৷বিলাতৰ ইংৰাজৰ ভিতৰত বৰ্ণ অৰ্থাৎ জাতৰ বিশেষত্ব অৰ্থাৎ বিচাৰ নাই৷বিলাতত নাগমাটিৰ খনিত বনুৱাৰ কাম কৰা নাইবা সামান্য বনবাৰী কৰি ভাত মোকোলাই খোৱা হজুৱাৰ গাত গুণ থাকিলে সিও পাৰ্লেমেন্ট মহাসভাৰ সমজুৱা নাইবা মন্ত্ৰীসভাৰ সমজুৱা পুৰুষানুক্ৰমে হৈ অহা বৰুৱা-ফুকনৰ ল’ৰাৰে সৈতে সমানে জোৰফেৰ মাৰিব পাৰে৷ এংলোইণ্ডিয়ানৰ অৰ্থাৎ ভাৰতবাসী ইংৰাজৰ ভিতৰত বৰ্ণ মানে বৰণৰ বিশেষত্ব,অৰ্থাৎ বিচাৰ আছে৷এওঁলোকৰ মানত ক’লা বৰণৰ এটা জাত আৰু বগা বৰণৰ আন এটা জাত৷ক’লা বৰণীয়া মানুহ বুদ্ধি-বিদ্যাত এওঁলোকতকৈ চৰা হ’লেও আৰু বিলাতত এওঁলোকৰ সৈতে মহলা দি চিভিলিয়ান হৈ আহিলেও ক’লা নীহকুলীয়া৷সিহঁতৰে সৈতে এওঁলোকে কোৱা-মেলাকৈ খোৱা-বোৱা কৰিব নোৱাৰে৷এটা জাতৰ পৰা আন এটা জাতলৈ নমা আৰু অৱস্থাৰ পৰিৱৰ্তনত এবিধ জন্তু আন এবিধ জন্তুলৈ পৰিণত হোৱা দেখা যায়,শুনা যায়৷বামুণ পতিত হৈ কেতিয়াবা চণ্ডালৰ স্বভাৱ লৈ চণ্ডাল হয় হেনো৷খৰালি পুখুৰীৰ গৰৈ মাছৰ কোনো-কোনোটো অৱস্থাৰ গুণত ক্ষীণাই সৰুকৈ চুচিয়া মাৰি দীঘল হৈ লাহে লাহে ঢোৰাসাপ হয়৷এই বিৱৰ্ত্তনবাদৰ নিয়ম হৈ লাহে লাহে ঢোৰাসাপ হয়৷এই বিৱৰ্ত্তনবাদৰ নিয়ম মতেই ব্ৰাইট,গ্লেডষ্টোনৰ দেশৰ ইংৰাজ অজাতৰীয়া হৈ অৱস্থাৰ গুণে চুচিয়া মাৰি সুক্ষ্ম হৈ এংলোইণ্ডিয়ান হয়৷হোৱাৰ কাৰণ আছে৷

প্ৰথমতে ধৰোঁ,ভাইচৰয় অৰ্থাৎ,ৰাজপ্ৰতিনিধি,যাক অসমীয়াত বৰফুকন বুলিব পাৰি৷তেওঁ বিলাতৰ বৰুৱা-ফুকনৰ ঘৰৰে ল’ৰা,নিজেও ডাঙৰ মানুহ৷কিন্তু তেওঁ তাত ৰজা নহয় প্ৰজাহে আৰু দহজন বৰুৱা-ফুকনৰ লগৰে এজন৷ভাৰতলৈ অহাৰ আগেয়ে তেওঁ হয়তো পাৰ্লেমেন্ট মহাসভাৰ হাউছ অৱ লৰ্ডছৰে হওক বা কমন্সৰে হওক এজন সমজুৱা আছিল অৰ্থাৎ জানিবা স্বৰ্গদেৱৰ বৰচৰাৰ মেলডগীয়া বৰুৱাসকলৰ ভিতৰৰ এজন পালী-মেলডগীয়া বৰুৱা আছিল৷তেওঁ কমন্স সভাৰ মেলুৱাই যদি আছিল সেই সভাৰে এজন সামান্য সমজোৱায়ো তেওঁৰ সৈতে সভাত সমানে সমানে উত্তৰা-উত্তৰি কৰি তেওঁৰ কথা কটাকটি কৰি খণ্ড-বিখণ্ড কৰিছিল আৰু তাৰ কোবত তেওঁ “কলৈ যাওঁ গোপাল ক’লৈ যাও কৃপাল”লগাইছিল৷এনে জন লোক যেতিয়া ভাইচৰয় হৈ ভাৰতলৈ আহিল,তেওঁ বোম্বাই চহৰত ভৰি দিওঁতে-নিদিওঁতেই কিল্লাৰ বৰহিলৈয়ে ধুম-ধুমকৈ এজাউৰি মাৰি আকাশ-পাতাল ছিৰাছিৰ কৰি তেওঁৰ মান ধৰিলে৷তাৰ পিচত ভাৰতবৰ্ষৰ যলৈকে তেওঁ যায় তাতে তেওঁৰ সন্মান খিতাপ সমাৰোহ পয়োভৰ,তেওঁ যিজন ৰজাৰ প্ৰতিনিধি,সেইজনতকৈও তেওঁৰ মান সৰহ৷মুঠতে তেওঁ জানিবা এজন আকবৰ বা জাহাঙ্গীৰ বাদছাহ হ’ল৷ভাৰত হেজাৰে-হেজাৰে ৰজা,ৰাম,লক্ষ্মণ,যুধিষ্ঠিৰ,ভীম,অৰ্জ্জনুৰ বংশধৰসকলে,জলমলীয়া সোণৰ কিৰীটিয়া মূৰ তেওঁৰ আগত দোৱাইছে৷তেওঁলোকৰ কোনোক তেওঁ চকু ৰঙাই চাইছে,কোনো পিঠিত চপৰিয়াই কৰুণা দেখুৱাইছে,কোনোক ভাঙিছে,কোনোক পাতিছে,কোনোক লাৱে লাৱে পানী খুৱাই “দেউতা-বিধতা” বোলাইছে;পুঠি-খলিহা প্ৰজাৰটো কথাই নাই৷তেওঁৰ ঘৈণীয়াক ভাইচৰণী বা বৰফুকননী বিলাতৰ অমুক ফুকনৰ জীয়েক বা অমুক “কাপ্তান”ৰ তালাক দিয়া ঘৈণীয়েক বা আমেৰিকাৰ তমূক বৰদলৈৰ বৰজীয়েক৷তেওঁৰ খিতাপ নুৰজাহান বা মতিমহল বেগমৰ নিচিনা৷এনেস্থলত ভাইচৰয়জনৰ মনৰ আৰু মূৰৰ গতি তোমালোকে পাৰা যদি অনুভৱ কৰাচোন৷আমাৰ দেশৰ মিনাৰাম বৰুৱাৰ পুত্ৰই তেনে খিতাপ,তেনে ক্ষমতা পোৱাহেঁতেন,সৰহ নকওঁ বলিয়াই হ’লহেতেন৷আনৰ কথাকে নালাগে,স্বয়ং বৰবৰুৱা ডাঙৰীয়াই তেনে খিতাপেৰে তেনেখন বিষয় খাবলৈ পোৱাহেঁতেনে হাতীৰ ফয় লগাই বান্ধি থ’ব লাগিলহেঁতেন;নহ’লে তেওঁ প্ৰজাৰ বাৰীৰ কলমি,পথাৰৰ ধান,ভাঙি-ছিঙি খাই মহতিয়াই জোল কৰিলেহেঁতেন আৰু বৰচৰাত বহি কাৰো নাকটো,কাৰো কাণখন,কাৰো আঁঠুৰ ঘিলা,কাৰো বা চকু কাঢ়িবলৈ,কাৰোবা নাইত কুমটি মেলিবলৈ অৰ্নগল আদেশ প্ৰচাৰ কৰিলেহেঁতেন৷অন্তত: অসমীয়াৰ চুকত থাকি বুকতে কামোৰাঁতো আৰু “দেহেন আসাই ম্যা ভাষাটো বাংলা ভাষা নাঅবে ক্যান”বুলি অসমীয়াক পেংলাই কৰোঁতাহঁতৰে সৈতে তেওঁ সেইবোৰ কথা কৈ তৰ্ক-বিতৰ্ক নকৰি সিহঁতৰ পিঠিত চোৰাত মেলি পানী ঢালি দিবৰ দিহা কৰিলেহেঁতেন৷

দ্বিতীয়তে ধৰাঁ;বোম্বাই আৰু মাদ্ৰাছৰ গৱৰ্নৰ দুজন৷আমি ওপৰত কৈ অহা ভাইচৰয়ৰ কথাই এই দুজনৰ গাটো খাটে;গতিকে বহলাই কোৱাৰ সকাম নাই৷

        তৃতীয়তে কোৱা যাওক,লেফ্‌টেনেন্ট গৱৰ্ণৰ বা বৰবৰুৱাৰ সুকীয়া মাতেৰে ক’বলৈ গ’লে, “লেপটিমন্ত গগৰ্ণৰ” চিফকমিছনাৰ ,মাজিষ্ট্ৰেট,জজ ইত্যাদিৰ কথা৷এওঁলোক আটাইবিলাককে মন গ’লে,তুমি একেটা খুবলিতে এখুবলিকৈ ভৰাই লৈ কাৰিব পাৰা আৰু একেখন কুলাতে জাৰিব পাৰা৷কাৰণ এওঁলোক প্ৰায় গোটেইমখাই প্ৰৱল প্ৰতাপান্বিত চিভিল চাৰ্ভিছৰ মানুহ অৰ্থাৎ চিভিলিয়ান৷চিভিল-ছাৰ্ভিচটো কি পদাৰ্থ,প্ৰথমতে আমাৰ অসমীয়া সাধাৰণ হোজা মানুহসকলে নুবুজে৷ইংৰাজ সাম্ৰাজ্যৰ ভিতৰুৱাল,ভাৰতবৰ্ষ আৰু আন আন উপনিৱেশবোৰত ৰজাঘৰীয়া শাসনকাৰ্য্যাদি কৰিবৰ নিমিত্তে বিষয়া যাছি বিলাতত এটা মহলা লোৱা হয়৷সেই মহলাটোৰ নাম চিভিল ছাৰ্ভিচ একজামিনেছন৷সেই মহলাত উঠা সকলক চিভিলিয়ান বোলে৷সাধাৰণত: চোকা ডেকাহে এই মহলাত উঠিব পাৰে;কাৰণ মহলাটো ঢিলা নহয়৷সেই মহলাত উঠা সকলক গৱৰ্ণমেন্টে ভাৰতলৈ উপনিৱেশবোৰলৈ পঠিয়াই দিয়ে৷ প্ৰায়েই বিলাতৰ চোকা-মজলীয়া শ্ৰেণীৰ চোকা বোধীয়া ডেকাল’ৰাবিলাক এই মহলাত উঠি চিভিলিয়ান হৈ ভাৰতলৈ হাকিম,হুজুৰ,বৰচাহাব,ছোটচাহাব হৈ আহে৷সৰু-মজলীয়া শ্ৰেণীৰ ভিতৰত চুৰ্চুৰীয়াকৈ ধনবিত থকা দৰ্জ্জী,দোকানী,চৰ্ম্মকাৰ,কৰ্ম্মকাৰ, “নৰাণাং ধূৰ্ত্তং” অৰ্থাৎ নাপিত,আৰু তাহানি কৃষ্ণই মথুৰালৈ যাওঁতে বাটতে চৰ মাৰি মূৰ চিঙা সেই নন্দনসকলো পৰে৷ইবিলাকৰ কোনোবোৰ বিলাতৰ নগণ্য হেজাৰ হেজাৰ শাৰীৰে ল’ৰাৰে সৈতে একেলগে উমলি পঢ়ি-শুনি উঠে৷পিছে চিভিল-চাৰ্ভিছ মহলাত উঠি চৰ্কাৰী বিষয় লৈ ভাৰতলৈ আহি সিবিলাকে দেখে যে সিবিলাকৰ কোনোটো এখন জিলাৰ গৰাকী,কোনোটো এখন ছব-ডিভিজনৰ  ওপৰত বৰমতা আৰু হেজাৰ হেজাৰ মানুহ সিহঁতৰ আগত হাত-যোৰ কৰি “কি হুকুম”বুলি থিয় হৈ আছে৷যদি ঠুটীয়া বা নুঠুটীয়া চিভিলিয়ান হাকিমৰ আগত,পকাডঢ়ীয়া ৰজা,জমিদাৰ,তালুকদাৰ,মৌজাদাৰ আদি কৰি দেশৰ গণ্যমান্য লোকসকল “আদেশ খোদাবান্দা” বুলি অনুগ্ৰহ মগনিয়াৰ হৈ আছে৷তেওঁৰ ৰঙা চকু দেখি সেই মানুহবিলাক থক-থক কৰে কঁপিছে,আৰু হাঁহিমুখ দেখি নিয়ৰৰ দুবৰিবন যেন ঠন ধৰিছে৷এনে স্থলত এই চিভিলিয়ান বৃন্দৰ মূৰৰ ঘিউ তপত নোহোৱাকৈ থকাটোহে আশ্বৰ্য৷আমাৰ দেশৰ সামান্য মানুহৰ ল’ৰাই মুনছুপ,সদৰামিন,ছবডেপুটী আদি পদ লভিয়েই অনেক সময়ত “তৃণবৎ মন্যতে জগৎ” আৰু তেওঁলোকৰ ভিতৰৰ কোনোৱে আগৰ দিনৰ ভাল মানুহৰ ঘৰৰ সতি-সন্ততিক আৰু গুৰু-গোঁসাই-মহন্তক চেলু পাই অপমান কৰি সন্তোষ লভাৰ কথাও বৰবৰুৱাৰ অগোচৰ নাই৷তেন্তেনো বিলাতী চিভিলিয়ানসকলে আমাৰ ভাৰতবৰ্ষৰ বৰ-সৰু সকলো শ্ৰেণীৰ মানুহক কথাই কথাই অপমান উপলঙ্ঘা কৰাটোত আশ্বৰ্য কি! হঠাৎ পোৱা অপৰিমিত ক্ষমতাই আৰু গোবৰৰ পাচিৰে পোৱা এপাচি দৰ্মহাই পুতাইহঁতৰ মূৰ লাটুম ঘুৰোৱাদি ঘূৰাই দিয়ে গতিকে তেওঁলোকে বোধকৰোঁ শোৱাপাটীৰ তলত পৰাখন গাত লোৱা নিহালি যেন দেখে আৰু আঁঠুৱাখন ভৰি মচা,দলিচা যেন দেখে৷চমুকৈ ক’বলৈ গ’লে দুনীয়াখন তেওঁলোকৰ চকুত ওলট-পালট খায় আৰু তাৰ ফলস্বৰূপে তেওঁলোকৰ জাতি-ধৰ্ম আৰু ইহকাল পৰকাল সোপাকে যায়৷তেওঁলোকৰ কোনোৱে ভাবে যে সপ্তম এডোৱাৰ্ড ৰজা সম্ৰাট প্ৰায় তেওঁৰেই;অন্তত: তেওঁ ৰজাসম্ৰাটৰ অৰ্থাৎ “বাদশ্যাহকা দোষ্ট” এইটো নিশ্চয়৷

 চতুৰ্থতে ভাৰতত বেহা-বেপাৰ কৰোঁতা মুদৈ-সাউদবিলাকৰ  কথা কোৱা যাওক৷কম আৰু কি,তেওঁলোকৰ অৱস্থাও এনেকুৱাই সৱ চাউল দহদোন৷আটাইবিলাক একে জাতৰ যি বোলাঁ সেই৷তেওঁলোকে বেপাৰ কৰিবলৈ আহি আমাৰ মানুহৰ পৰা ৰজাৰ সন্মান পাই দেখি লয় আৰু পাই পাই অভ্যাসৰ বশত পৰি নেপালে আমাৰ ওপৰত খং কৰে৷ বগা মুখ দেখিলেই আমাৰ দেশৰ মানুহ ভয়ত কেকোজেকো হয়৷বগামুখীয়াহঁতে সেইটো ভালকৈ বুজে আৰু সেইদেখি সিহঁতে তাৰ ষোল অনা তিনি পইচা কলামুখীয়াৰ পৰা আদায় কৰি লয়ও আৰু লবও খোজে৷আমাৰ মানুহৰ এই কুস্বভাৱটো প্ৰথমতে ঘঁহিপিহি গুচোৱা আৱশ্যক৷এইটো আমাৰ মানুহৰ ঘাইকৈ জনা উচিত হৈছে যে বগা মানুহো মানুহ,সিহঁতো মানুহ৷বগা ক’লা ঈশ্বৰৰ হিচাপত সমান৷ঈশ্বৰৰ ৰাজ্যত বগা দেৱতা নহয় আৰু ক’লাও অসুৰ নহয়৷বিদ্যা,বুদ্ধি আৰু ধৰ্ম্ম,জ্ঞানত ক’লা-বগাতকৈ কোনো গুণে নীহ নহয়৷বগা যিজন প্ৰতাপী ৰজাৰে প্ৰজা,ক’লাও সেইজন প্ৰতাপী ৰজাৰে প্ৰজা,তেহেলৈ বগাই স্বাৰ্থসিদ্ধিৰ নিমিত্তে যি হওক৷দুইৰো ওজন ধৰ্ম্মৰ তৰ্জ্জুত সমান৷বগাই ক’লাক অনাহকত আৰু মিছা অহঙ্কাৰৰ ভৰত অপমান বা তুচ্ছ-তাচ্ছিল্য কৰিলে,ক’লাই তাৰ শোধ লোৱা উচিত আৰু ওলোটাই পোতক দিয়া নিতান্তই কৰ্ত্তব্য,নতুবা ক’লাৰ কৰ্ত্তব্যৰ ক্ৰুটী হয়৷এই কাৰ্য্যত নিজৰ মঙ্গল আৰু পৰৰ উপকাৰ দুইটা হয়৷নিজৰ মঙ্গল এই বাবে যে এই কাৰ্য্যৰ দ্বাৰাই ক’লাই নিজৰ মনুষ্যত্বতৰ বিকাশ কৰিবলৈ নিজকে সুবিধা দি নিজৰ জন্মস্বত্বৰ অপব্যৱহাৰ নকৰি মানুহ হৈয়ে থাকে আৰু তেওঁৰ পৰৰ উপকাৰৰ অৰ্থাৎ বগাক পশুৰ নিচিনা কাম কৰিবলৈ সুবিধা নিদি পশুত্ব পোৱাৰ পৰা বগাক ৰক্ষা কৰে৷হেৰা ক’লা! তোমাক একেষাৰ কথা বৰবৰুৱাই নকৈ নোৱাৰে যে তুমি বগাক লাই দি গুচাই মানুহৰ শাৰীৰ পৰা পিছলি পৰিবলৈ নিদিবা ;দিলে তোমাৰ অধৰম হ’ব৷আৰু তুমিও মানুহৰ শাৰীতে থকা আৱশ্যক৷সুত-সুত কৰে পিছলি পৰি অজগৰ পৰাদি তলত দীঘল হৈ পৰি থাকিবৰ যদিও সুবিধা তথাপি সি বৰ ঘিণলগা অৱস্থা;পৰৰ লাথি-চৰ গোৰৰ বাহিৰে তাৰ পুৰষ্কাৰ একো নাই৷মনুষ্যত্বৰ পুৰষ্কাৰ মনুষ্যত্ব,কাপুৰুষতাৰ বঁটা ঘৃণা,লাথি-চৰ আৰু গোৰ৷বৰবৰুৱাই আজি অত দিনৰ মূৰত এই কেইষাৰ কথা ভালক বুলি তোমাক কৈ থ’লে তোমাৰ মন যায় মানিবা,নেমানিলেও তেওঁৰ ধৰম কলৈ যাব৷পঞ্চমত,ৰণুৱা গোৰা চিপাহীৰ কাষলৈ অহা যাওক৷ইহঁত বিলাতৰ হজুৱা কাড়ীৰ ল’ৰা৷আগৰ ডোখৰৰ কথাকে নকওঁ বিলাতত ইহঁতে চিপাহী অৱস্থাতে নিজৰ জোতা চাফ কৰা আৰু তাত চিয়াঁহী লগোৱাৰ পৰা নিজৰ ক’লা কাপোৰ ধোৱালৈকে সকলোবোৰ নিজ হাতে নকৰিলে নচলে৷আনকি সিহঁতৰ উপৰুৱা বিষয়া কৰ্ণেল,লেফটেনেন্ট,কাপ্তান আদিৰ ক’লা জোতাও কিজানি ইহঁতৰ বগা হাতেৰেই চাফ হয়৷কিন্তু ইহঁত কল্পতৰু ভাৰতলৈ আহিলেই ইহঁতৰ অৱস্থাৰ পৰিৱৰ্ত্তন আচৰিতৰূপে ঘটে৷ইহঁতে ভাৰত-কল্পতৰুৰ পৰা হাত পাতিলেই ইহঁতৰ ঘৰুৱা বন-বাৰী কৰিবলৈ দেশী লগুৱা পায়,জোতা চাফ কৰি তাত চিঁয়াহী লগাবলৈ দেশী বেহেৰা পায়,গাৰ চোলা-ঠেঙা ধুবলৈ দেশী ধোবা পায়,ঘৈণীয়েকহঁতৰ লৰা-ছোৱালীৰ আলপৈচান ধৰিবলৈ একোজনী আয়া অৰ্থাৎ একোজনী বেটী পায়;মুঠতে ভদ্ৰলোকৰ নিচিনা সুখ আৰু “বাবুগিৰী” ভাৰতবৰ্ষত ইহঁতৰ ভাগ্যত কম-বেচি ষোল অনা ঘটে৷এনেস্থলত আশ্বৰ্য কি যে সিহঁত গপাল,উদ্ধত ওভোতাগোৰে নচা হ’ব আৰু সিহঁতে দেশী মানুহক কুটা যেন দেখিব আৰু ক’লা ‘নিগাৰ’ পাঙ্খা-কুলিক অলপ দোষতে,বিনা দোষতে গুৰিয়াই মাৰিব৷ইহঁতৰ বুপা-ককাই যুঁজ কি ভাৰতবৰ্ষ জয় কৰিছিল হেনো৷ সেইদেখি  ইহঁতে দুখীয়া গাঁৱলীয়া মানুহক চৰাই-পহু মৰাদি গুলীয়াই মাৰিব বুলি ভাবে৷এইবিলাক বৰ বেজাইৰ কথা;আমঠু কলা পৰি যোৱা কথা৷সেইদেখি মুঠতে বৰবৰুৱাই কয় যে ভাৰতবৰ্ষই ইংৰাজক ডাঙৰ মানুহ কৰিলে৷যদি তেওঁলোক ইমানতে সাৱধান নহয় আৰু নিজৰ গাৰ ঘাবোৰ ধুই তাত দৰব নিদিয়ে তেন্তে সেই ঘায়েই তেওঁলোকৰ কাল হ’ব৷আমাৰ লগে লগে ভাৰতবাসী ইংৰাজৰ যে কিমান অধোগতি হৈছে তেওঁলোকে এতিয়া গৰ্ব্বৰ ৰাগীত মতলীয়া হৈ থাকি বুজিব পৰা নাই৷কি পুতৌ!বৰবৰুৱাৰ কিন্তু সেইবাবে দুখ হয়৷কাৰণ ইংৰাজে ভাৰতৰ অনেক উপকাৰ কৰিছে আৰু ভাৰতবৰ্ষ ইংৰাজৰ ওচৰত অনেক প্ৰকাৰে ধৰুৱা৷ইংৰাজ ভাৰতৰ গৰাকী হৈ থাকে এনে আশা ভাৰতে সদায় কৰে৷বৰবৰুৱাৰ বেজাৰ লাগে এই বাবে যে ইংৰাজ যেনেকৈ আমাৰ উপকাৰী বন্ধু আমিও তেনেকৈ তেওঁলোকৰ হিতাকাঙ্খী কুটুম৷তেওঁলোকৰ অৰ্থাৎ আমাৰ বান্ধ-কুটুমৰ অধোগতিত আৰু অমঙ্গলত আমি বৰ বেজাই পাওঁ৷